পাখি পাখি এই মন

পাখিলগা মোৰ মন

পাখি মেলি যা উৰি ।

উৰি, পাখি মেলি যা উৰি ।

জাকি মাৰি গৈ নাম

এৰি অহা পদূলিত

বুটলি আন ল’ৰালি ।

উৰি, পাখি মেলি যা উৰি ।

দেউতাৰ হাঁহিৰে আইৰ সতে উমলি

ৰ’দে বৰষুণে ধেমালি

আজলি সেই আবেলি ।

উৰি, পাখি মেলি যা উৰি ।

 

দোকমোকালি মোৰ পঢ়াশালি

ইংৰাজী অংক তপিনাত এছাৰি

খিৰিকি ফাকেৰে মুকুতিৰ আবেলি

ঘৰলৈ উভতি খেলা মৰা-মৰি ।

দেউতাৰ ৰঙা চকু

একেকোবে মাৰ বুকু

পঢ়া টেবুলত ভাগৰৰ টোপনি

আইৰ নিচুকনি মৰমৰ বুলনি ।

পাখি পাখি এই মন

পাখিলগা মোৰ মন

পাখি মেলি যা উৰি ।

উৰি, পাখি মেলি যা উৰি ।

 

জোনমণি ৰুণজুন তেতিয়া চকুত জোন

নিভাঁজ আৱেগত টোপাটোপে সৰা সোণ

সাঁতুৰি-নাদুৰি এটি এটি ৰাতি দিন

খেলা লুকা-চুৰি নিজকে বিচাৰোঁ কোন

ৰঙা-নীলা চিলা

উৰি উৰি মনে খেলা

এতিয়া কবিতা গানৰে শলিতা

অকলে বুকুতে চকুলো বুটলি ।

পাখি পাখি এই মন

পাখিলগা মোৰ মন

পাখি মেলি যা উৰি ।

উৰি, পাখি মেলি যা উৰি ।

জাকি মাৰি গৈ নাম

এৰি অহা পদূলিত

বুটলি আন ল’ৰালি ।

উৰি, পাখি মেলি যা উৰি ।

দেউতাৰ হাঁহিৰে আইৰ সতে উমলি

ৰ’দে বৰষুণে ধেমালি

আজলি সেই আবেলি ।

উৰি, পাখি মেলি যা উৰি ।